অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৰাজ্যখনত দ্বিতীয় বাৰৰ বাবে ৰূপায়িত কৰা স্বাস্থ্য সেৱা উৎসৱ ২.০ৰ (Health Care Festival 2.0) প্ৰথম দিনটোত অৰ্থাৎ ২০ নৱেম্বৰ, ২০২৩ তাৰিখে বোকাখাত (Bokakhat)ৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয় (Shaheed Kamala Miri Civil Hospital) পৰিদৰ্শন কৰে অসম চৰকাৰৰ কৃষি বিভাগৰ মাননীয় মন্ত্ৰী অতুল বৰা (Minister Atul Bora)ই। এই মূল্যায়নৰ প্ৰক্ৰিয়াত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে বোকাখাতৰ মহকুমাধিপতি আই.এ.এছ. বিষয়া চিমি কৰণ।
কৃষি মন্ত্ৰীগৰাকীয়ে বাহ্যিক মূল্যায়নকাৰী ৰূপে চিকিৎসালয়খন পৰিদৰ্শন কৰি বহিঃ বিভাগ, পৰীক্ষাগাৰ, আন্তঃগাঠনি, বিভিন্ন ৱাৰ্ড, ৰোগীৰ লগত ভাৱ-বিনিময়, অস্ত্ৰপ্ৰচাৰ কক্ষ, মেডিচিন ৱাৰ্ড ইত্যাদি পৰিদৰ্শন কৰি চিকিৎসালয় কৰ্তৃপক্ষৰ লগত চিকিৎসালয়খনৰ সামূহিক উন্নতিৰ দিশত কৰণীয়খিনি সন্দৰ্ভত আলোচনা কৰে। উল্লেখ্য যে স্বাস্থ্য সেৱা উৎসৱৰ জৰিয়তে চৰকাৰী চিকিৎসালয় সমূহৰ সামগ্ৰিক উন্নতিকৰণ আৰু গুণগত স্বাস্থ্য সেৱা নিশ্চিত কৰাৰ উদ্দেশ্য আগত ৰাখি চিকিৎসালয় সমূহৰ মূল্যায়নৰ ব্যৱস্থা হাতত লোৱা হৈছে।
স্বাস্থ্য সেৱা উৎসৱ ২.০ৰ অন্তৰ্গত সমগ্ৰ অসমত ২০,২১ আৰু ২২ নৱেম্বৰ, ২০২৩ তাৰিখে মুঠ ১২৬১ খন চিকিৎসালয়ৰ মান নিৰ্ধাৰণৰ প্ৰক্ৰিয়া সমাপন কৰা হব। ইয়াৰে গোলাঘাট জিলাত ৫১ খন চিকিৎসা কেন্দ্ৰত স্বাস্থ্য সেৱা উৎসৱ ২.০ অনুষ্ঠিত কৰা হ’ব।