“মিছন ১২ প্লাছ” (Mission 12 Plus) আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ মূল লক্ষ্য (Main goal of the BJP alliance)। একেবাৰে নিশ্চিত ১২ খন আসন। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সলনি হৈছে জনগাঁথনি। এই জনগাঁথনিৰ বাবেই আমি ক’ব পাৰো, নিশ্চিতভাৱে বিজেপি-অগপ মিত্ৰজোঁটে (BJP-AGP alliance) “মিছন ১২ প্লাচ” সদম্ভে ক’ব পৰা হৈছে। ৰাজনৈতিকভাৱে ৰাইজৰ সমৰ্থন লাভ কৰা মিত্ৰজোঁটৰ ১২ অংক কোনেও পৰাভূত কৰিব নোৱাৰে। বৰঞ্চ ই বৃদ্ধি পাবহে পাৰে”- আজি সন্ধ্যা বোকাখাত (Bokakhat)ত সাংবাদিকক এই কথা ক’লে অগপৰ সভাপতি, বোকাখাতৰ বিধায়ক, জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাই (Minister Atul Bora)।
ইফালে অগপই আগন্তুক নিৰ্বাচনত কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেইয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰি অচিৰেই ঘোষণা কৰা হ’ব বুলিও কয়। ইতিপূৰ্বে বিজেপি,ইউ পি পি এল,সন্মিলিত গণশক্তি,ৰাভা যৌথ মঞ্চৰ সৈতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিত আগন্তুক নিৰ্বাচন সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা সম্পন্ন হৈছে। এই আলোচনাত প্ৰত্যেককে নিজা দলীয় শক্তি বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
লোকসভাৰ যি সমষ্টিত মই দলৰ প্ৰাৰ্থী নিদিয়ক কিয়,সকলোৱে সকলোকে আগৰ দৰেই সহযোগিতা কৰাৰ সিদ্ধান্ত হৈছে। কংগ্ৰেছ সভাপতি ভূপেন বৰাই কাজিৰঙা লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি প্ৰকাশিত বাতৰি সন্দৰ্ভত অগপ সভাপতি গৰাকীয়ে কয় যে ভূপেন বৰাই আজিকালি মনলৈ যি আহে তাকে কয়”। অগপই কিমান আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি পুনৰ সাংবাদিকে জানিব বিচৰাত অগপ সভাপতিগৰাকীৰয়ে ‘অচিৰেই আপোনালোকক ভাল খবৰ দিম’ বুলি কয়।
ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নৱ নিৰ্ধাৰিত কাজিৰঙা লোক সভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি প্ৰকাশিত বাতৰিৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰাত মন্ত্ৰী অতুল বৰাই বিষয়টোক আওকাণ কৰি কয় যে, ভূপেন বৰাই ক’ত কি কয় মই নেজানো। তেওঁ নিজেও নেজানে কালি কি ক’লে ,আজি কি ক’ব।ইফালে সাংসদ গৌৰৱ গগৈয়েও কাজিৰঙাৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি ওলোৱা খবৰ সন্দৰ্ভত মন্ত্ৰী বৰাই সেই বিষয়ে কিবা কোৱাৰ পৰা বিৰত থাকে। মন্ত্ৰী বৰাই লগতে কয় যে এটা কথা নিশ্চিত যে কংগ্ৰেছ এইবাৰ ইয়াত ভালকৈ ধৰাশায়ী হ’ব।