উত্তৰাখণ্ডৰ সুৰংগত ৪১ জন শ্ৰমিক আবদ্ধ (Labourers trapped in Uttarakhand tunnel) হৈ থকা ঘটনাই ৯ দিন অতিক্ৰম কৰিলে (9 days past )। ইতিমধ্যে তেওঁলোকক উদ্ধাৰৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সফল হ’ব পৰা নাই। তাৰ মাজতে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাৰ্তা প্ৰদান কৰে যে ৪১ জন শ্ৰমিকে যেন এই পৰিস্থিতিত মনোবল হেৰুৱাই নেপেলায়। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ সৈতে ফোনযোগে কথা পাতে প্ৰধানমন্ত্ৰীয়ে (PM calls Uttarakhand CHIEF Minister Pushkar Singh Dhami)। মোডীয়ে ধামীক প্ৰতিশ্ৰুতি দিয়ে যে কেন্দ্রীয় চৰকাৰে শ্রমিকসকলক উদ্ধাৰৰ বাবে সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে৷ একে সময়তে তেওঁ শ্ৰমিকসকলৰ মনোবল অক্ষুণ্ণ ৰাখিব লাগে বুলিও বাৰ্তা প্ৰদান কৰে।
উল্লেখযোগ্য যে যোৱা ১২ নৱেম্বৰত উত্তৰকাশী জিলাৰ ব্ৰহ্মকাল-যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথত ছিলকিয়াৰা আৰু দোণ্ডলাহগাঁৱৰ মাজত নিৰ্মাণাধীন সুৰংগটোৰ এটা অংশ ভাঙি পৰে। তেতিয়াৰ পৰাই চাৰে আঠ মিটাৰ উচ্চতা আৰু প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগটোত আবদ্ধ হৈ পৰিছে শ্ৰমিকসকল। সুৰংগটোত আবদ্ধ হৈ থকা শ্ৰমিকসকলক পাইপৰ জৰিয়তে খাদ্য, অক্সিজেন যোগান ধৰা হৈছে। উদ্ধাৰৰ কাম পূৰ্ণগতিত চলি আছে। অৱশ্যে এতিয়ালৈকে কোনো লোকক উদ্ধাৰ কৰিব পৰা হোৱা নাই।
৯ দিন ধৰি সুৰংগটোত আবদ্ধ হৈ থকা শ্ৰমিকসকলক লৈ উদ্বেগ বৃদ্ধি পাইছে। তেওঁলোকক শীঘ্ৰে উদ্ধাৰ কৰিবলৈ অনুৰোধ জনায়। আনকি শ্ৰমিকসকলৰ পৰিয়ালৰ লোকৰো উদ্বেগ বৃদ্ধি পাইছে। এনে পৰিস্থিতিত সোমবাৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে ফোনযোগে কথা পাতে মোডীয়ে।
উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী কার্যালয়ৰ এক বিবৃতিত কেন্দ্রীয় চৰকাৰে উদ্ধাৰ কামত সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে বুলি অৱগত কৰা হৈছে৷ কেন্দ্ৰ আৰু উত্তৰাখণ্ড চৰকাৰৰ সহযোগত সকলো শ্ৰমিকক নিৰাপদে উদ্ধাৰ কৰা হ’ব। সোমবাৰে পুৱা সুৰংগটোৰ সন্মুখলৈ অনা হয় ডাঙৰ ডাঙৰ মেচিন। শুকান খাদ্যৰে জীৱন নিৰ্বাহ কৰা শ্ৰমিকসকললৈ ভাত-ৰুটি-তৰকাৰী যোগান ধৰাৰ প্ৰয়াস কৰা হৈছে।