দেওবাৰে নিশা বিশাখাপট্টনমৰ এটা বন্দৰত সংঘটিত ভয়ানক অগ্নিকাণ্ডত (Massive fire at Visakhapatnam) কমেও ৩০খন মাছধৰা নাও জ্বলি ছাই হৈ যায়। এই অগ্নিকাণ্ডত ৩০ কোটি টকাৰ সা-সম্পত্তিৰ ক্ষতি হোৱা বুলি মাছমৰীয়াসকলে দাবী কৰিছে। অৱশ্যে ঘটনাটোত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।

আৰক্ষীৰ সূত্ৰ অনুসৰি দেওবাৰে নিশা প্ৰায় ১১.৩০ বজাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। সেই সময়ত কেইবাখনো নাও বন্দৰত আছিল। তাতে এখন নাৱৰ পৰা ওচৰৰ নাওবোৰলৈ জুই বিয়পি পৰে। নাওখনত ৰখা চিলিণ্ডাৰ ফাটি বিস্ফোৰণ ঘটে। অতি কম সময়ৰ ভিতৰতে ৩০ খন নাও জ্বলি ছাই হৈ যায়। নিশা কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে উক্ত স্থানত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ আৰম্ভ কৰে। ওৰে নিশা জুই নিয়ন্ত্ৰণৰ কাম চলে।
বন্দৰত ৰখাই থোৱা নাও এখনত পাৰ্টি চলি আছিল বুলি মাছমৰীয়াসকলৰ ধাৰণা। তাৰ পৰা এই জুই বিয়পি পৰাৰ আশংকা কৰা হৈছে। তদুপৰি ইয়াৰ আঁৰত দুষ্কৃতিকাৰীৰ হাত থকাৰ কথাও নুই কৰা নাই। ঘটনাৰ তদন্ত আৰক্ষীয়ে আৰম্ভ কৰিছে।