কোটি কোটি ভাৰতীয়ৰ আশাত পুনৰবাৰ চেঁচা পানী পৰিল। ২০ বছৰ পিছত বিশ্বকাপ (Worldcup) জয়ৰ যি সোণালী সুযোগ আহিছিল, সেয়া গ্ৰহণ কৰিব নোৱাৰিলে টিম ইণ্ডিয়াই। যাৰ বাবে স্বপ্ন ভংগৰ বেদনাত কাতৰ হৈ পৰে ৰোহিত, বিৰাটকে ধৰি ভাৰতীয় দলৰ খেলুৱৈসকল। তেওঁলোকৰ নিৰাশা আৰু বেদনাৰ ছবি প্ৰকাশ্যে আহে তেওঁলোকৰ মুখৰ অভিব্যক্তি আৰু দুচকুত জিলিকি উঠা চকুলোত।

ভাৰত পৰাস্ত হোৱাৰ পিছত কোটি কোটি ভাৰতীয়ই যেনেদৰে ঘৰত বহি মূৰে-কপালে হাত দিছিল, তেনেদৰে ষ্টেডিয়ামত উপস্থিত প্ৰায় ১ লাখ ৩০ হাজাৰ দৰ্শকৰো মুখৰ মাত নোহোৱা হৈছিল। অৱশ্যে আশাহত দৰ্শকে পৰাজয়ৰ বেদনা বুকুত বান্ধিয়ে ভাৰতীয় দলটোক যথাসম্ভৱ উৎসাহিত কৰিবলৈ চেষ্টা কৰিছিল। দেওবাৰৰ ফাইনেলত বহুতো বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন তাৰকাৰ সমাবেশ ঘটিছিল। তাৰ উপৰি ক্ৰিকেটাৰসকলৰ পৰিয়ালৰ সদস্যও। তেওঁলোকেও এই আবেগিক মুহূৰ্তত যেন নিজকে চম্ভালিব পৰা নাছিল। তথাপি ভাৰতীয় দলটোক সমৰ্থন জনাইছিল।
দৰ্শকৰ মাজত উপস্থিত আছিল অভিনেত্ৰী তথা বিৰাট কোহলীৰ পত্নী অনুষ্কা শৰ্মাও। ভাৰতৰ পৰাজয়ত অনুষ্কাও বেদনাহত হয়। কিন্তু তাতকৈ বেছি তেওঁক বিচলিত হোৱা দেখা যায় বিৰাট কোহলীৰ আৱেগিক মুহূৰ্তটি প্রত্যক্ষ কৰাৰ পিছত। সেয়ে হয়তো নিজকে সম্বৰণ কৰি ৰাখিব নোৱাৰিলে। নিজৰ প্ৰিয়তমক সান্তনা দিবলৈ তেওঁ ষ্টেডিয়ামৰ গেলাৰীৰ পৰা নামি বিৰাটৰ কাষ চাপি যায়। কেৱল সিমানেই নহয়, বিৰাট কোহলীক আলিংগন কৰি এই বিষাদ মুহূৰ্তত সান্তনা দিবলৈ চেষ্টা কৰে। এই ফটো এতিয়া ভাইৰেল হৈ পৰিছে।