এই পৰাজয় কোনো কাৰণতে অন্তত এইবাৰ ভাৰতৰ বাবে কাম্য নাছিল। হয় বিশ্বকাপ, ২০২৩ যেন ভাৰতৰ নামতে লিপিবদ্ধ আছিল। কিন্তু অন্তিম মুহূৰ্তত সকলো থানবান হ’ল। বিশ্বজয়ৰ সপোন বাস্তৱ নহ’ল। যাক কোনো ভাৰতীয়ই মানি ল’ব পৰা নাই। যেনেদৰে পৰা নাই ভাৰতীয় দলেও। কিন্তু এয়াই সত্য। ভাৰত নহয়, ষষ্ঠবাৰৰ বাবে ক্ৰিকেট বিশ্বকাপত চেম্পিয়ন হৈছে অষ্ট্ৰেলিয়া (Champion Australia)। এই কথা হয়তো ৰোহিত শৰ্মাই মানি ল’ব পৰা নাই। তথাপি অনুষ্ঠানিকতাৰ খাতিৰত কেনেবাকৈ বিপক্ষৰ ক্ৰিকেটাৰৰ লগত হাত মিলাইলে।

কিন্তু তাৰ পিছত ভাৰতীয় অধিনায়কজনে চকুলো লুকাই ৰাখিব নোৱাৰিলে। কান্দি কান্দি তেওঁ খেলপথাৰ এৰি গুচি যায়। বিৰাট কোহলীয়েও খুব কষ্টেৰে চকুপানী লুকুৱাই ৰাখিলে। বিৰাটে চকুলো নিবাৰণ কৰি কোনোমতে খেলপথাৰখনৰ পৰা সোনকালে ওলাই যাবলৈ চেষ্টা কৰি আছিল। বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ পিছত ভাৰতীয় ক্ৰিকেটাৰসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।
চলিত বিশ্বকাপত একেৰাহে ১০খন খেলত জয়লাভ কৰি ভাৰতীয় দলটোৱে ফাইনেলত প্ৰৱেশ কৰে। দেশৰ মাটিত আৰু এবাৰ বিশ্বকাপ জয় কৰাৰ সপোন দেখিছিল অনুৰাগীসকলে। কিন্তু ফাইনেলত ভাৰতে বেট আৰু বলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হ’বলগীয়া হʼল।
পৰাজয়ৰ পিছত ভাৰতীয় ক্ৰিকেটাৰসকলে নিজৰ হতাশাক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে।
মহম্মদ ছিৰাজক আটাইতকৈ বেছি হতাশ যেন লাগিল। খেলপথাৰত তেওঁ কান্দি উঠে। অৱশ্যে খেলপথাৰত ছিৰাজৰ কান্দোন নতুন নহয়। ভাৰতীয় দলত প্ৰথমবাৰৰ বাবে জাতীয় সংগীত গোৱাৰ সুযোগ পাই তেওঁ কান্দি উঠিছিল। অষ্ট্ৰেলিয়াৰ মাটিত বৰ্ণবাদী মন্তব্য শুনিও তেওঁ কান্দিছিল। কিন্তু আজিৰ দিনটোৰ চকুলোবোৰ সকলোতকৈ বেছি বেদনাদায়ক।
গ্লেন মেক্সৱেলে বিজয়সূচক ৰাণ লোৱাৰ লগে লগে খেলপথাৰত আঁঠু লৈ ৰাহুলে গ্ল’ভছেৰে মুখখন ঢাকি লয়। তেওঁ খেলপথাৰ এৰি যাব বিচৰা নাছিল। তেওঁক টানি নিয়ে যশপ্ৰীত বুমৰাহে। বুমৰাহে ছিৰাজকো চম্ভালে। কিন্তু ৰবীন্দ্ৰ জাদেজাক চম্ভালিব পৰা নাছিল। এফালে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰসকলে উল্লাস কৰি থকাৰ সময়তে জাডেজাই আনফালে হাতেৰে উইকেট ভাঙি দিয়ে। তেওঁ যে হতাশা আৰু খঙৰ বাবেই এই কাম কৰিছিল সেয়া স্পষ্ট হৈ পৰিছিল।
ভাৰতীয় সহায়ক কৰ্মচাৰীৰ মাজতো একেই পৰিস্থিতি দেখা গৈছিল। মূৰ তললৈ নমাই খেলপথাৰত প্ৰৱেশ কৰে ৰাহুল দ্ৰাবিড়। নিয়ম মানি চলি তেওঁলোকে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰসকলৰ সৈতে হাত মিলাই পুনৰ খেলপথাৰৰ পৰা ওলাই যায়। তাৰ পৰাই বুজা যায় যে গোটেই দলটো কিমান দুখী। মুঠৰ ওপৰত আৰু এবাৰ আধৰুৱা হৈ থাকিল ভাৰতৰ বিশ্বজয়ৰ সপোন।