মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা। তাৰ পিছতে অন্ত পৰিব অপেক্ষাৰ। তৃতীয়বাৰৰ বাবে ক্ৰিকেট বিশ্বকাপৰ (Cricket Worldcup) মুকুট অর্জনৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰত। কিন্তু বিশ্বকাপৰ ফাইনেলত ভাৰতীয় দল সলনি হ’ব পাৰে নেকি? সেই প্ৰশ্ন এতিয়া উত্থাপন হৈছে বিভিন্ন মহলত। কিয়নো ৰোহিত শৰ্মাই বিগত ছখন মেচত দল অপৰিৱৰ্তিত ৰাখিছে। কিন্তু ফাইনেলত দল সলনি হ’ব পাৰে নেকি? মেচৰ পূৰ্বে অৱশ্যে অধিনায়ক ৰোহিত শৰ্মাই এই প্ৰশ্নৰ উত্তৰ ৰহস্যৰ মাজত ৰাখে।

ইফালে আহমেদাবাদত ভাৰত-পাকিস্তানৰ মেচখনৰ একেখন পিটছতে অনুষ্ঠিত হ’ব ফাইনেল। উইকেট মন্থৰ। গতিকে ভাৰতে অতিৰিক্ত স্পিনাৰ খেলাব নেকি? এই প্ৰশ্নৰ উত্তৰত ৰোহিতে কয় যে আমি এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই। মেচৰ আগতে পিটছ চাই চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। সাজু হৈছে দলৰ ১৫ গৰাকী ক্ৰিকেটাৰ। ফাইনেলৰ পূৰ্বে পিটছ চাই কোন খেলুৱৈয়ে অন্তিম ১১ত খেলিব সেয়া সিদ্ধান্ত লোৱা হ’ব। ৰোহিতৰ মতে কোনকেইজন খেলুৱৈয়ে মূল একাদশত খেলিব সেইটো নিৰ্ণয় কৰাটো বহু কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে তেওঁলোকে খৰখেদাকৈ কোনো সিদ্ধান্ত ল’ব নিবিচাৰে।
ভাৰতৰ অধিনায়কগৰাকীয়ে কয়, “মুম্বাইত অনুষ্ঠিত ছেমি ফাইনেলৰ আগদিনা অনুশীলনৰ সময়ত আমি ভাল পৰিমাণৰ নিয়ৰ পৰা দেখিছিলো। কিন্তু মেচৰ দিনটোত সেয়া নহ’ল। ইয়াতো নিয়ৰ পৰি থকা দেখিছোঁ। এই পৰিস্থিতিত দলত অতিৰিক্ত পেচাৰ বা স্পিনাৰ থাকিবনে নাই সেইটো সিদ্ধান্ত ল’বলৈ সময় লাগিব। মাত্ৰ সকলোকে সাজু হ’বলৈ কোৱা হৈছে।” উল্লেখযোগ্য যে চলিত বিশ্বকাপত দেখা গৈছে যে প্ৰথমে বেটিং কৰা দলটোৱে লক্ষ্য অনুসৰণ কৰাতকৈ বেছি সুবিধা লাভ কৰিছিল।
ফাইনেলত টছ গুৰুত্বপূৰ্ণ হ’ব নেকি? অৱশ্যে টছৰ কথা বেছিকৈ ভাবিবলৈ অনিচ্ছুক ৰোহিত। ভাৰতীয় অধিনায়কগৰাকীয়ে কয়, “আমি প্ৰথম কেইখনমান মেচত ৰানৰ পিছা কৰি জয়ী হৈছিলো। পিছত আকৌ বেটিং কৰি জয়লাভ কৰিলোঁ। গতিকে মই ভাবো টছটো ইমান গুৰুত্বপূৰ্ণ নহয়। গুৰুত্বপূৰ্ণ কথাটো হ’ল এটা দলে খেলপথাৰত কিমান ভাল খেলিছে তাৰ ওপৰত। যিটো দলে ভাল খেলিব, সেই দলেই জয়ী হ’ব।”