ডিফু মুছলিম কবৰস্থানত (Diphu Muslim Cemetery) এটি যুৱকৰ মৃতদেহ উদ্ধাৰ (Youth’s body found) হোৱাকলৈ এলেকাটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷
প্ৰাপ্ত খবৰ অনুসৰি শনিবাৰে সন্ধিয়া ডিফু-মাটিপুঙ পথত থকা মুছলিম কবৰস্থানৰ প্ৰৱেশ দ্বাৰৰ এটি জিৰণি চ’ৰাৰ ছাদৰ ওপৰত এজন যুৱকৰ মৃতদেহ পৰি থকাৰ খবৰ লাভ কৰি কাৰবি আংলঙৰ জিলা উপ-আৰক্ষী অধীক্ষক দিলীপ মিলিৰ নেতৃত্বত ডিফু থানাৰ ইন্সপেক্টৰ অ’চি জেএছ খবুঙ, ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱ প্ৰতিম কোঁৱৰৰ লগতে থানা ষ্টাফ ঘটনাস্থলীত উপস্থিত হৈ তৎপৰতাতাৰে মৃতদেহটো ছাদৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ মৃতদেহটো মাটিপুঙ ফৰেষ্ট অফিচৰ সন্মূখৰ দীপ গঁড় বুলি চিনাক্ত কৰা হৈছে৷ পৰৱৰ্তী সময়ত মৃতদেহটো আৰক্ষীয়ে কাৰ্যবাহী দণ্ডাধীশৰ হতুৱাই পৰীক্ষা কৰাৰ পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰাই পৰিয়ালক চমজাই দিয়া হ’ব বুলি জানিব পৰা গৈছে৷
মৃতদেহটোৰ ওচৰত ড্ৰাগছ লবলৈ ব্যৱহাৰ কৰা চিৰিঞ্জ পৰি থকালৈ লক্ষ্য কৰি যুৱকজন ড্ৰাগছ আসক্ত আছিল বুলি স্থানীয়লেকে সন্দেহ প্ৰকাশ কৰিছে যদিও আৰক্ষীৰ তদন্তত প্ৰকৃত ৰহস্য উদ্ঘাটন হ’ব ৷
আনহাতে ডিফু মুছলিম কবৰস্থান সমিতিৰ সম্পাদক নুৰুল ইছলামে সাংবাদিকৰ আগত আক্ষেপ প্ৰকাশ কৰি কয়যে, কবৰস্থানটোত প্ৰায়ে ড্ৰাগছ আসক্ত যুৱক সকলক ঘুৰি ফুৰা অৱস্থাত পায় আৰু তেওঁলোকক আঁতৰাই দিয়ে৷ লগতে স্থানীয় ৰাইজেও এই ক্ষেত্ৰত বহু সহযোগিতা আগবঢ়াই আহিছে তাৰ বাবে সম্পাদক গৰাকীয় স্থানীয় লক ধন্যবাদৰ পাত্ৰ বুলি কয়৷ স্থানীয় লোকৰ সহযোগিতা অবিহনে কবৰস্থানটোত ড্ৰাগছ আসক্ত লোকৰ উপস্থিতি হ্ৰাস কৰিব নোৱাৰি বুলিও কয় ৷ স্থানীয় আৰক্ষী প্ৰশাসনকো এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায় সম্পাদকগৰাকীয়ে৷