গঠন হোৱাৰে পৰা অধিক সময় কংগ্ৰেছৰ দখলত থকা জনজাতীয় লোকসভা সমষ্টি ডিফু লোকসভা সমষ্টি (Diphu Lok Sabha constituency) পুনৰ উদ্ধাৰৰ বাবে তৎপৰ হৈ পৰিছে কংগ্ৰেছ (Congress desperate to recover) দল।
ইতিমধ্যে বিগত কেইটামান মাহত দুবাৰ-তিনিবাৰকৈ ডিফুলৈ অহা প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই আজি ডিফুত উপস্থিত (Pradesh Congress President Bhupen Bora arrives in Diphu today) হৈ কাৰ্বি আংলং জিলাৰ কংগ্ৰেছ নেতৃত্বৰ লগতে কাৰ্বি আংলং জিলাৰ ৯টা সামাজিক-সাংস্কৃতিক-ৰাজনৈতিক আৰু যুৱ সংগঠনৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠকত বহে।
এই বৈঠকতে সংবিধানৰ ২৪৪ (ক) অনুচ্ছেদৰ অধীনত স্বায়ত্তশাসিত ৰাজ্য গঠনৰ বিষয়টোক লৈ সংগঠন কেইটাক ৰাহুল গান্ধীৰ লগত বৈঠকত মিলিত কৰা, কাৰ্বি আংলঙৰ মাটি চুবুৰীয়া বাজ্যক এৰি নিদিয়া, শৈক্ষিক আৰু সামাজিক-আর্থিক বিকাশৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰাত ঐক্যমতত উপনীত হয়। জাতীয় সংগঠন কেইটাৰ হৈ জাকাছৰ অধ্যক্ষ খৰছিং টেৰণে তেওঁলোকৰ দাবী সমূহ পূৰ্ণ হোৱাৰ আশা দিলে ভৱিষ্যতৰ দিনত তেওঁলোকে কংগ্ৰেছক সহায়ৰ হাত আগবঢ়াব বুলি প্রকাশ কৰে।
আনহাতে, ভূপেন বৰাই কয় যে, চুবুৰীয়া ৰাজ্যৰ লগত মিলি থকা মানে এইটো নুবুজাই যে অসমৰ মুখ্যমন্ত্রী শপত গ্রহণ অনুষ্ঠানলৈ গৈ তলত বহি থাকিব। নেডাৰ আহ্বায়ক হৈ মিজোৰামত নির্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ অনুমতি নাপাব ৷ আমি চুবুৰীয়া ৰাজ্যৰ লগত মিলি থাকিম কিন্তু, এইদৰে নহয়।
আনহাতে, কালি বোকাজানৰ তিনিবাৰৰ বিধায়ক আৰু পৰিষদৰ সৰুপথাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈ কার্যবাহী সদস্য হোৱা বিজেপি নেতা জগত ছিং ইংতি, প্রাক্তন কার্যবাহী সদস্য প্রদীপ ডিফুচা, আৰু বিজেপি দলৰ প্রাক্তন কার্যবাহী সদস্য প্রদীপ ৰংপিৰ কন্যা মেৰি ৰংপিপীসহ বহু বিজেপি নেতাই কংগ্ৰেছত যোগদান (BJP leader joins
Congres) কৰিব। ভূপেন বৰাৰ পাহাৰত এনে তৎপৰতাই বিজেপিৰ বাবে মূৰৰ কামোৰণি হৈ পৰাৰ লগতে পাহাৰৰ ৰাজনীতিত যে জোকাৰণি তুলিব তাত সন্দেহ নাই।