বীৰচা মুণ্ডাৰ স্মৃতি দিৱসৰ (Birsa Munda’s Memorial Day) দিনটো ভাৰত চৰকাৰে জনজাতীয় গৌৰৱ দিৱস ৰূপে আজি পালন (Celebrated as Tribal Pride Day) কৰিছে ৷ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডত জনজাতীয় গৌৰৱ দিৱসত অংশগ্ৰহণ কৰি সমগ্ৰ দেশৰ জনজাতীয় ৰাইজৰ বাবে বিভিন্ন আঁচনি মুকলি কৰিছে৷ ইয়াৰ সামন্তৰাল ভাবে দেশৰ জনজাতীয় এলেকাত আজিৰ পৰা আৰম্ভ হৈছে বিকশিত ভাৰত সংকল্প যাত্ৰা (Developed Bharat Sankalp Yatra)৷ অসমৰ তিনিখন জিলাত আজি আৰম্ভ হৈছে এই যাত্ৰা (Yatra begins today in three districts of Assam)৷
কাৰবি আংলং জিলাৰ মানজা উন্নয়ন খণ্ডত উপায়ুক্ত মধুমিতা ভাগৱতীয়ে আজিৰ এই সংকল্প যাত্ৰাৰ আয়োজন কৰে৷ য’ত পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰৰ মন্ত্ৰী যোগেন মহন আৰু কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অংশগ্ৰহণ কৰে৷
তেওঁলোকে কয় যে এই যাত্ৰাৰ মুল উদ্দেশ্য হ’ল কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা আচঁনি সমূহৰ সুবিধা প্ৰকৃততে জনতাই লাভ কৰিছেনে নাই সেয়া চোৱা আৰু যদি কোনোৱা বঞ্চিত হৈ আছে তেওঁলোকক সেই সুবিধা দিয়া ৷ দুয়োগৰাকী নেতাই ফ্লেগ অফ কৰি সংকল্প যাত্ৰাৰ গাড়ীখন গাৱলৈ যাবলৈ দিয়ে৷ চৰকাৰৰ উজ্বলা, জলজীৱন মিছন, অটল আমৃত যোজঁনা আদিৰ বিষয়ে ৰাইজক অৱগত কৰাৰ লগতে কিমানে এই সুবিধা পালে আৰু কিমান এতিয়াও বাকী আছে তাৰ তথ্য আহৰণ কৰিব৷ এই অভিযানৰো লক্ষ্য যে ২০২৪ ৰ লোকসভা নিৰ্বাচন তাত সন্দেহ নাই ৷