লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কাৰ্বি আংলং (Karbi Anglong) জিলাত ৰাজনৈতিক দলসমূহৰ মাজত দলবাগৰা ৰাজনীতি আৰম্ভ (Factional politics begins) হোৱা পৰিলক্ষিত হৈছে। বিজেপি দলে পৰিষদৰ ২৬টা সমষ্টিত চৰকাৰী আঁচনীৰ জৰিয়তে সভা পাতি ব্যাপক প্ৰচাৰ অভিযান চলোৱাৰ বিপৰীতে কংগ্ৰেছ দলেও ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছে। অহা ১৯ নবেম্বৰত ডিফুত প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত এক বৃহৎ যোগদান কার্যসূচী অনুষ্ঠিত হ’ব বুলি আজি ঘোষণা কৰে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি চুম ৰংহাঙে (Karbi Anglong District Congress President Sum Ronghang)।
সংবাদমেলত চুম ৰংহাঙে (Sum Ronghang at the press conference) কয় যে, কাৰ্বি আংলং জিলাৰ তিনিবাৰৰ বিধায়ক তথা প্রাক্তন কাৰ্যবাহী সদস্য জগতছিং ইংতি, পৰিষদ প্রাক্তন অধ্যক্ষ তথা প্রাক্তন কার্যবাহী সদস্য লংকি তিমুং, পৰিষদ প্রাক্তন কার্যবাহী সদস্য প্রদীপ ডিফুচাই বিজেপি দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰিব।
ডিফুস্থিত জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া এই যোগদান কানসূচীত কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা উপস্থিত থকাৰ লগতে আন নেতাও উপস্থিত থাকিব। পৰিষদ তিনিটা সমষ্টিৰ পৰা যোগদান কৰিবলগীয়া এই বৃহৎ যোগদান সভাত আন বহু ৰাজনৈতিক দলৰ নেতাইয়ো যোগদান কৰাৰ সম্ভাবনা প্রকাশ কৰে৷ জিলা কংগ্ৰেছ সভাপতিগৰাকীয়ে।
ইপিনে জিলাখনৰ আঞ্চলিক ৰাজনৈতিক দল এ পি এইচ এল চি দলে (APHLC Party) আগন্তুক লোকসভা নিৰ্বাচনত ডিফু লোকসভা সমষ্টিৰ পৰা তেওঁলোকৰ দল বিৰোধী ইণ্ডিয়াৰ তৰফৰ পৰা প্রার্থিত্ব লাভ কৰিব বুলি কৰা দাবী সন্দৰ্ভতো প্রতিক্রিয়া প্রকাশ কৰে জিলা কংগ্ৰেছ সভাপতিগৰাকীয়ে।
ৰংহাঙে কয় যে, এ পি এইচ এল চি দল এতিয়াও ইণ্ডিয়া ঐক্যজোটত অন্তর্ভূক্ত হোৱাই নাই। সেয়ে তেওঁলোকৰ এই দাবী সম্পূর্ণ অবাস্তব। এনে অপপ্রচাৰ চলোৱাৰ পৰা বিৰত থাকিবলৈও দলটোক সকীয়াই দিয়ে ৰংহাঙে।