শণিবাৰে নিশা কাৰ্বি কালচাৰেল ছ’চাইটিৰ (Karbi Cultural Society) সভাপতি চন্দ্ৰছিং ক্ৰ’ আৰু তেওঁৰ সতীৰ্থ সকলক লগতলৈ এখন বাহনেৰে মৰিগাঁৱৰ পৰা ডিফু অভিমুখে আহি থকা অৱস্থাত বাহনখন দুৰ্ঘটনাগ্ৰস্থ হৈ গাড়ীখনত থকা চন্দ্ৰছিং ক্ৰ’ৰ লগতে আন দুজন ব্যক্তি আহত হয় ৷

কেচিএছৰ এক সূত্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি শনিবাৰে নিশা প্ৰায় ১০ মান বজাত মৰিগাঁৱৰ এক কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ডিফুলৈ উভতি অহাৰ সময়ত মাঞ্জা আৰক্ষী থানাৰ অন্তৰ্গত লাংপাৰপানত এক দুৰ্ঘটনাৰ সন্মুখীন হয়।
সূত্ৰটোৰ অনুসৰি AS09J-2322 পঞ্জীয়ন নম্বৰৰ এখন বাহনে বিপৰীত দিশৰ পৰা তীব্ৰ আৰু অসাৱধানেৰে আহি কেচিএছ সভাপতি থকাAS09K-1229 পঞ্জীয়ন নম্বৰৰ বাহনত খুন্দা মাৰে ফলত কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ আৰু ডিফুৰ কাৰ্বি মিউজিকেল ট্ৰেডিচনেল স্কুলৰ অধ্যক্ষ বনছাম কাথাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
দুয়োগৰাকীক চিকিৎসাৰ বাবে ডিফুৰ ৰেংপলি মাল্টিস্পেচিয়েলিটি হাস্পতাল আৰু গৱেষণা কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে।