কংগ্ৰেছ নেত্ৰী তথা প্রাক্তন সাংসদ ৰাণী নৰহলৈ চমন জাৰি (Summons issued to former MP Rani Narah) কৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে (Chief Minister’s Monitoring Cell)৷ তেওঁক মঙলবাৰে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে ৷ ৰাণী নৰহৰ বিৰুদ্ধে সাংসদ পুঁজিৰ ধন অপব্যৱহাৰৰ অভিযোগত (Allegations of misappropriation of MP’s funds) এই চমন জাৰি কৰা হৈছে ৷

উল্লেখ্য যে সাংসদ হৈ থকাৰ সময়ত ২০১৩-১৪ চনত ৰাণী নৰহৰ বিৰুদ্ধে সাংসদ পুঁজিত কেলেংকাৰীৰ এক পুৰণি অভিযোগ আছে ৷ উক্ত সময়ছোৱাত ৰাণী নৰহৰ বিৰুদ্ধে যোৰহাট জিলাত হেণ্ড টিউবৱেলৰ নামত কেলেংকাৰীৰ অভিযোগ উঠিছিল ৷ উক্ত দুৰ্নীতিৰ অভিযোগত ৰাণী নৰহৰ বিৰুদ্ধে ২০১৭ চনত এটা গোচৰ ৰুজু কৰা হৈছিল ৷ আনহাতে, ২০১৯ চনতো মুখ্যমন্ত্ৰী তদাৰকী কোষে ৰাণী নৰহলৈ চমন জাৰি কৰিছিল ৷ অৱশ্যে ২০১৯ চনৰ পৰা ২০২৩ চনলৈকে গোচৰটোৰ কোনো অগ্ৰগতি পৰিলক্ষিত হোৱা নাই ৷