আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন (Narendra Modi’s Birthday)। আজিৰ দিনটোত ৭৪ বছৰত ভৰি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। এই উপলক্ষে বিজেপিৰ কৰ্মকর্তাসকলে দেশজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰীৰ জন্মদিনটো সেৱা দিন হিচাপে পালন কৰি আহিছে বিজেপিয়ে।
অসমতো মোদীৰ জন্মদিন উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে বিজেপি তথা অসম চৰকাৰে। এই উপলক্ষে অসম চৰকাৰে ১ কোটি গছপুলি ৰোপণৰ জৰিয়তে বিশ্ব অভিলেখ গঢ়াৰ যি লক্ষ্য নিৰ্ধাৰণ কৰিছিল সেয়া পূৰ্ণ হোৱা বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই গছপুলি ৰোপণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। গছপুলি ৰোপণ কৰি উঠি মুখ্যমন্ত্ৰীয়ে কয়, “এক নতুন সেউজ ইতিহাস সৃষ্টিৰ দিশত অসম!
ৰাজ্যত বৃক্ষ অৰ্থনীতিৰ নতুন অধ্যায় সূচনা কৰাৰ লক্ষ্যৰে অসমৰ শ্ৰদ্ধাৰ জনগণৰ সহযোগত আজি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ পুৱা ‘অমৃত বৃক্ষ আন্দোলন’ৰ অংশস্বৰূপে এটি গছপুলি ৰোপণ কৰি অতিকৈ আনন্দিত হৈছোঁ। এই পদক্ষেপৰ অধীনত ১ কোটি গছপুলি ৰোপণৰ জৰিয়তে আমি স্বচ্ছ আৰু সেউজ পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত এক জন আন্দোলন গঢ়ি তোলাৰ বিনম্ৰ প্ৰয়াস কৰিছোঁ।”
আনহাতে, আজি মুখ্যমন্ত্ৰীয়ে এই কাৰ্যসূচী ৰূপায়ণৰ পিছত জনতা ভৱনত এক সংবাদমেলো সম্বোধন কৰে। তাত তেওঁ অমৃত বৃক্ষ অভিযান আৰু বিশ্ব ৰেকৰ্ড সন্দৰ্ভত সবিশেষ তথ্য দাঙি ধৰে।