জম্মু-কাশ্মীৰৰ অনন্তনাগত (Anantnag) শনিবাৰে চতুৰ্থ দিনত প্ৰৱেশ কৰে সেনা আৰু উগ্ৰপন্থীৰ (Army & Terrorist Attack) সংঘৰ্ষ। পাহাৰীয়া অৰণ্যৰ এটা গুহাত উগ্ৰপন্থীয়ে আশ্ৰয় লৈ থকাৰ সন্দেহ। যাৰবাবে সেনাই ড্ৰোনৰ জৰিয়তে উগ্ৰপন্থীক বিচাৰি উলিয়াই নিঃশেষ কৰাৰ চেষ্টা চলাইছে। উগ্ৰপন্থীক লক্ষ্য কৰি ৰকেট লঞ্চাৰ আৰু ড্ৰোনেৰেও আক্ৰমণ চলোৱা হৈছে। শেহতীয়াকৈ সেই আক্ৰমণৰ এটা ভিডিঅʼ পোহৰলৈ আহিছে।

পাহাৰৰ ডাঠ অৰণ্যত ড্ৰোনেৰে উগ্ৰপন্থীৰ সন্ধান অব্যাহত আছে। উগ্ৰপন্থীয়ে আক্ৰমণৰ বলি হোৱাৰ ভয়ত গছৰ আঁৰত আশ্ৰয় লʼবলৈ চেষ্টা কৰাৰ সময়ত ড্ৰোনেৰে আক্ৰমণ চলোৱা হয়। এই আক্ৰমণৰ ভিডিঅʼও মুকলি কৰা হৈছে। ইয়াৰ উপৰি উগ্ৰপন্থীক লক্ষ্য কৰি গুলী আৰু ৰকেট লঞ্চাৰেৰে আক্ৰমণ চলাই আছে। সেনাৰ সূত্ৰ অনুসৰি, উগ্ৰপন্থীৰ সংখ্যা ২-৩ জনমান হ’ব। কিন্তু ইয়াতকৈ বেছি হʼব পাৰে বুলিও আশংকা কৰা হৈছে। জম্মু-কাশ্মীৰ আৰক্ষী অধীক্ষকে উগ্ৰপন্থীক ঘেৰাও কৰা বুলি জানিবলৈ দিয়ে। লগতে অতি সোনকালে নিৰ্মূল কৰা হʼব বুলিও জনাইছে।
সেনাৰ সূত্ৰ অনুসৰি, উগ্ৰপন্থীয়ে পাহাৰৰ ওপৰত থকা এটা গুহাত আশ্ৰয় লৈ আছে। যʼত উগ্ৰপন্থীয়ে আশ্ৰয় লৈ আছে তাৰ এফালে দ খাৱৈ আৰু আনফালে ঘন অৰণ্য। আৰু এই সুযোগ লৈয়ে আক্ৰমণ কৰিছে উগ্ৰপন্থীয়ে। উগ্ৰপন্থীৰ ওচৰলৈ যাবলৈ দুৰ্গম পাহাৰীয়া পথসমূহ ব্যৱহাৰ কৰিছে সেনাই।
বুধবাৰে গুহাটোত উপস্থিত হʼবলৈ সক্ষম হয়। সেনাৰ এক সূত্ৰ মতে, বিগত তিনিদিন ধৰি উগ্ৰপন্থীয়ে যিদৰে যুঁজ দি আহিছে, তেওঁলোকৰ হাতত বৃহৎ আকাৰত অস্ত্ৰ-শস্ত্ৰ মজুত থকা বুলি অনুমান কৰা হৈছে। কাশ্মীৰ আৰক্ষীৰ ডিজি বিজয় কুমাৰে এক্স হেণ্ডলত কয় যে সেনাই ২-৩ জন উগ্ৰপন্থীক ঘেৰাও কৰিছে।