কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত (Karbi Anglong’s Bakliaghat) আজি পুৱাৰ ভাগত এগৰাকী কলেজীয়া ছাত্ৰৰ মৃতদেহ উদ্ধাৰ (College student’s body found) হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ এলেকাটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃতদেহটো বকলীয়াঘাট নতুন বস্তিৰ বিশ্বজিৎ দাসৰ (body is Biswajit Das) বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, একাদশ শ্ৰেণীৰ ছাত্ৰ (class XI Student) বিশ্বজিতে যোৱা শনিবাৰে পুৱা মহাবিদ্যালয়লৈ বুলি ওলাই অহাৰ পিছৰে পৰা ঘৰলৈ ওভতি নোযোৱাৰ লগতে মোবাইলৰ চুইচ বন্ধ হৈ আছিল।

আজি পুৱা পথচাৰীয়ে বকলীয়াঘাটৰ ৰূকাছেন মহাবিদ্যালয়ৰ সমীপত চাৰিলেনযুক্ত পথৰ দাঁতিত এটা কালভাৰ্টৰ তলত মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। মৃতদেহৰ কাষতে বিশ্বজিতৰ এএছ-০২-এল-০৪০১ নম্বৰৰ স্প্লেণ্ডাৰ বাইকখন আৰু কিতাপৰ বেগ এটা উদ্ধাৰ কৰিছে।