ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণী অনুষ্ঠান

জিতেন বৰকটকী:নগাঁও

Staff Reporter by Staff Reporter
September 3, 2023
Reading Time: 1 min read
A A
0
ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণী অনুষ্ঠান

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Youth assaults I নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উদণ্ড যুৱকৰ উদ্ভণ্ডালি

The Assam Police have arrested three individuals for the murder of a girl who has engaged in sexual acts with her corpse.

“Assam Police to Become Zero-Vacancy Force with 5,000 New Recruits : Himanta Biswa Sarma

শিক্ষাৰ লগত জড়িত হ’ব পৰাতো এক সৌভাগ্য : জয়ন্ত মাধৱ বৰা

সপোন আৰু সংকল্প অবিহনে মানুহে কোনো কাম কৰিব নোৱাৰে : সাংবাদিক গৌতম শৰ্মা

এক গৌৰৱোজ্জ্বল শৈক্ষিক পৰিক্ৰমাৰে অষ্টাদশ বৰ্ষ অতিক্ৰমী নগাঁও (Nagaon) চহৰৰ বেচৰকাৰীখণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ (Ramanuj High Secondary School) আজি নৱাগত আদৰণী সভা উপলক্ষে পুৱা শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাই বিদ্যালয়ৰ ধ্বজা উত্তোলন কৰাৰ পাচতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিপুল কুমাৰ বৰাই বন্তি প্ৰজ্বলন কৰে। আনহাতে নৱাগত আদৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰস্ত্তত কৰা প্ৰাচীৰ পত্ৰিকা দুখন উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড° জয়ন্ত মাধৱ তামুলীয়ে।

নৱাগত আদৰণী অনুষ্ঠান
ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণী অনুষ্ঠান:

ইয়াৰ পাচতে নগাঁও জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত নৱাগত আদৰণি সভাত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়া, সাহিত্য একাডেমী বঁটা প্ৰাপক সাহিত্যিক জয়ন্ত মাধৱ বৰাই ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল শৈক্ষিক যাত্ৰাৰ শলাগ লৈ কয় যে ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয় মাথো এখন বিদ্যালয় নহয়, ই এখন মানুহ গঢ়াৰ কমাৰশাল। ইয়াত ছাত্ৰ -ছাত্ৰীয়ে নিশ্চিত ভবিষ্যতৰ সন্ধান পায় । আনহাতে শিক্ষকতা বৃত্তিৰ তাৎপৰ্য সন্দৰ্ভত বৰাই কয় যে শিক্ষাৰ লগত জড়িত হ’ব পৰাতো এক সৌভাগ্য।

শিক্ষকতা এটা বৃত্তি নহয়, ই এক সামাজিক এক দায়িত্ব। তেওঁ ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ মেধাৱী ছাত্ৰ-ছাত্ৰী সকল যাতে কালৰ বুকুত হেৰাই নেযায় তাৰ বাবে তেওঁলোকক সমাজৰ প্ৰতি দায়িত্বশীল হবলৈ আহ্বান জনায় । প্ৰসংগ ক্ৰমে তেওঁ শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাই কৰি অহা আহোপুৰুষাৰ্থৰ বিষয়ে উল্লেখ কৰি কয় যে মানুহে যেতিয়া প্ৰতিষ্ঠা লাভ কৰিবৰ বাবে সংগ্ৰাম কৰে তেতিয়া তেওঁৰ কাষত সীমিত সংখ্যক মানুহ থাকে। কিন্তু যেতিয়া মানুহ সফল হয় তেতিয়া তেওঁৰ কাষলৈ সকলো মানুহ আহে।

ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষা সংগীতা বৰুৱা বৰাই আঁত ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক , জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই বিগত সসময়ত উচ্চতৰ মাধ্যমিক পৰীক্ষাত শীৰ্ষ স্থান দখলেৰে ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে চমক সৃষ্টি কৰি অহাৰ বিষয়ে উল্লেখ কৰি কয় যে এই সফলতা একেদিনাই সম্ভৱ হোৱা নাই । এক দীঘলীয়া সপোন আৰু পৰিক্ৰমাৰ মাজেৰে এই সফলতা সম্ভৱ হৈছে । তেওঁ লগতে কয় যে পঢ়াশুনা কৰাতো নিষ্ঠাৰ কাম। ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্রীয়ে নিষ্ঠাৰে অধ্যয়ন কৰাৰ বাবে এনে সফলতা সম্ভৱ হৈছে য’ত শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাৰ লগতে শিক্ষয়িত্রী সকলৰ যত্ন আৰু চেষ্টা জড়িত হৈ আছে।

IMG 20230903 WA0044 | ASSAM TIMES POSTআনহাতে সপোন আৰু সংকল্পত পৃথিৱীখন চলি থকা বুলি উল্লেখ কৰি সাংবাদিক শৰ্মাই লগতে কয় যে সপোন আৰু সংকল্প অবিহনে মানুহে কোনো কাম কৰিব নোৱাৰে। মানুহৰ জীৱনত জন্মদাত্ৰী মাতৃ, জন্মস্হান আৰু মাতৃভাষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সাংবাদিক গৰাকীয়ে কয় যে মাতৃভাষা আৰু মাতৃদুগ্ধ এই দুয়োটা বস্ত্তৰ কোনো বিকল্প নাই । এই দুয়োবিধ বিশুদ্ধ বস্ত্ত। ভাষন প্ৰসংগত কেইটিমান গীতৰ কলি আওৰাই সাংবাদিক গৰাকীয়ে কয় যে গানেই জীৱন । জীৱনৰ সকলো ক্ষেত্ৰতে সংগীত জড়িত হৈ থাকে।

নৱাগত আদৰণি সভাখনত এগৰাকী বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি গুৱাহাটীস্হ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক বিশিষ্ট নিৱন্ধকাৰ ড: প্ৰদ্যুন্ম গোস্বামীয়ে ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বৃত্তিমুখী শিক্ষাৰ প্ৰতি আগ্ৰহী হবলৈ আহ্বান জনোৱাৰ লগতে চিন্তাৰ পৰিসৰ বহল কৰিবলৈ আহ্বান জনায়।

ভাষন প্ৰসংগত ড: গোস্বামীয়ে সম্প্ৰতি টেট শিক্ষকৰ প্ৰতি একাংশ প্ৰতিভাবান ছাত্ৰ-ছাত্ৰীৰ হাবিয়াস বৃদ্ধি পোৱাত উদ্বেগ প্ৰকাশ কৰি কয় যে টেট পৰীক্ষাই ছাত্ৰ-ছাত্ৰীৰ সপোনক সংকুচিত কৰিছে। নিজকে উচ্চ আসনত প্ৰতিষ্ঠা কৰাৰ প্ৰচুৰ সম্ভাৱনা থকা একাংশ মেধা ছাত্ৰ-ছাত্ৰীয়ে নিজকে টেট শিক্ষক ৰূপে প্ৰতিষ্ঠা কৰাত ব্যস্ত হৈ পৰিছে। ই সছাকৈ দুৰ্ভাগ্যৰ কথা। টেট পৰীক্ষাই বৰ্তমান প্ৰজন্মটোৰ লগতে ভৱিষ্যত ধ্বংসৰ গৰাহলৈ লৈ যোৱা বুলিও ড: গোস্বামীয়ে মন্তব্য কৰে । তেওঁ ছাত্ৰ-ছাত্ৰীক মাথো নম্বৰ কেন্দ্ৰিক মানসিকতা পৰিহাৰ কৰিবলৈ আহ্বান জনাই কয় যে নম্বৰৰ লগত জ্ঞানক সংপৃক্ত কৰিব নোৱাৰিলে জীৱন অন্ধকাৰ হৈ পৰিব। নম্বৰতকৈ জ্ঞানৰ প্ৰয়োজনীয়তা অধিক।

কেৱল নম্বৰ কেন্দ্ৰিক মানসিকতাই জীৱন অন্ধকাৰ কৰি পেলাব। নৱাগত আদৰণি সভাত কেন্দ্ৰীয় লোকসভা আয়োগৰ পৰীক্ষাত পঞ্চম স্থান দখল কৰা ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র ময়ূৰ হাজৰিকাৰ পিতৃ কৃষ্ণ হাজৰিকা, ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র তথা ইছৰ’ৰ বিজ্ঞানী ৰঞ্জন দাস, প্ৰাক্তন ছাত্ৰ তথা অসম চৰকাৰৰ উচ্চ পদস্থ বিষয়া ধীৰাজ বৰা, অধ্যাপক ডঃ ৰাতুল নাথ প্ৰমুখ্যে ব্যক্তি সকল উপস্থিত থাকে ।
অনুষ্ঠানত ”ফুলাই বৰা স্মাৰক কীৰ্তি শিক্ষক আৰু কীৰ্তি শিক্ষাৰ্থী বঁটা” প্ৰদান কৰা হয় ।

চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা আৰু বিজ্ঞান শাখাত ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ৰাজ্যখনৰ ভিতৰত প্ৰথম দহটাৰ ভিতৰত স্হান দখল কৰা শিক্ষা প্ৰতিষ্ঠানখনৰ ১৯ গৰাকী মেধাৱী শিক্ষাৰ্থীৰ লগতে বিভিন্ন বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰী আৰু কীৰ্তি শিক্ষকক ‘ফুলাই বৰা স্মাৰক বঁটা’ প্ৰদান কৰা হয় । সভাৰ অন্তত ন-পুৰণি ছাত্ৰ -ছাত্ৰী সকলৰ প্ৰীতি মিলন তথা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: নৱাগত আদৰণী অনুষ্ঠানৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ
Share20Tweet12Send

Related Posts

Youth assaults I নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উদণ্ড যুৱকৰ উদ্ভণ্ডালি
Assam

Youth assaults I নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উদণ্ড যুৱকৰ উদ্ভণ্ডালি

by News Desk
September 29, 2023
56
The Assam Police have arrested three individuals for the murder of a girl who has engaged in sexual acts with her corpse.
Assam

The Assam Police have arrested three individuals for the murder of a girl who has engaged in sexual acts with her corpse.

by ASSAM TIMES POST
September 28, 2023
65
“Assam Police to Become Zero-Vacancy Force with 5,000 New Recruits : Himanta Biswa Sarma
Assam

“Assam Police to Become Zero-Vacancy Force with 5,000 New Recruits : Himanta Biswa Sarma

by ASSAM TIMES POST
September 28, 2023
57
AASU protests I নুমলীগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাত আছুৰ প্ৰতিবাদ : পথ অৱৰোধ, মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ
Assam

AASU protests I নুমলীগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাত আছুৰ প্ৰতিবাদ : পথ অৱৰোধ, মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

by News Desk
September 27, 2023
60
Pradyut Mahanta’s first death anniversary I বোকাখাতৰ অন্যতম শক্তিশালী কণ্ঠ প্ৰদ্যুত মহন্তৰ প্ৰথম মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
Assam

Pradyut Mahanta’s first death anniversary I বোকাখাতৰ অন্যতম শক্তিশালী কণ্ঠ প্ৰদ্যুত মহন্তৰ প্ৰথম মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

by News Desk
September 26, 2023
64
Leprosy Detection Campaign I নগাঁৱত “কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান” সন্দৰ্ভত বৈঠক
Assam

Leprosy Detection Campaign I নগাঁৱত “কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান” সন্দৰ্ভত বৈঠক

by News Desk
September 26, 2023
59
ADVERTISEMENT
Pro Khalistan threatening I বিশ্বকাপৰ উদ্বোধনী মেচত নিজ্জৰ হত্যাৰ প্ৰতিশোধৰ ভাবুকি
National-International

Pro Khalistan threatening I বিশ্বকাপৰ উদ্বোধনী মেচত নিজ্জৰ হত্যাৰ প্ৰতিশোধৰ ভাবুকি

September 29, 2023
57
Bomb blast in Pakistan I পাকিস্তানৰ ধৰ্মীয় সভাত বিস্ফোৰণত নিহত ৫০, আহত প্ৰায় ১৫০
National-International

Bomb blast in Pakistan I পাকিস্তানৰ ধৰ্মীয় সভাত বিস্ফোৰণত নিহত ৫০, আহত প্ৰায় ১৫০

September 29, 2023
55
Youth assaults I নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উদণ্ড যুৱকৰ উদ্ভণ্ডালি
Assam

Youth assaults I নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উদণ্ড যুৱকৰ উদ্ভণ্ডালি

September 29, 2023
56
Asian games 2023 I শ্বুটিঙত সোণৰ হেট্ৰিকৰ পৰা বঞ্চিত ঐশ্বৰ্য
National-International

Asian games 2023 I শ্বুটিঙত সোণৰ হেট্ৰিকৰ পৰা বঞ্চিত ঐশ্বৰ্য

September 29, 2023
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pro Khalistan threatening I বিশ্বকাপৰ উদ্বোধনী মেচত নিজ্জৰ হত্যাৰ প্ৰতিশোধৰ ভাবুকি

Pro Khalistan threatening I বিশ্বকাপৰ উদ্বোধনী মেচত নিজ্জৰ হত্যাৰ প্ৰতিশোধৰ ভাবুকি

September 29, 2023
Bomb blast in Pakistan I পাকিস্তানৰ ধৰ্মীয় সভাত বিস্ফোৰণত নিহত ৫০, আহত প্ৰায় ১৫০

Bomb blast in Pakistan I পাকিস্তানৰ ধৰ্মীয় সভাত বিস্ফোৰণত নিহত ৫০, আহত প্ৰায় ১৫০

September 29, 2023
Youth assaults I নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উদণ্ড যুৱকৰ উদ্ভণ্ডালি

Youth assaults I নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উদণ্ড যুৱকৰ উদ্ভণ্ডালি

September 29, 2023

Categories

ALL NEWS (17263) Assam (12731) BREAKING NEWS (6433) Business (29) Economy (70) Editorial (11) EDUCATION AND TECHNOLOGY (79) Entertainment (743) Entertrainment (393) EXCLUSIVE (124) Fashion (9) Featured (20) Features (30) Guwahati (1897) Health & Fitness (614) Jobs & Career (6) KARBI ANGLONG (2727) Lifestyle (23) literature (16) National-International (6266) NORTHEAST (607) Novels (3) Photo (4) Poems (9) Political (110) Recipes (6) Sports News (404) Stories (9) Tech (13) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: