![]()
দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাই (Matamela Cyril Ramaphosa) বিমানবন্দৰত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক (Xi Jinping) সম্ভাষণ জনাবলৈ গৈছিল। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক (Narendra Modi) আদৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী পঠিওৱাৰ বাবে মোডীয়ে বিমানখনৰ পৰা নামিব বিচৰা নাছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দক্ষিণ আফ্ৰিকাৰ সংবাদ মাধ্যমত প্ৰকাশিত এই বাতৰিক সম্পূৰ্ণ মিছা আৰু কাল্পনিক বুলি উলাই কৰিছে।
ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকা চৰকাৰে এই খবৰ মিছা বুলি দাবী কৰিছে। আজি ভাৰতৰ হৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে এই খবৰক মিছা বুলি উলাই কৰে। কিন্তু দক্ষিণ আফ্ৰিকাৰ সংবাদ মাধ্যম ডেইলী মেভেৰিকে দাবী কৰিছে যে তেওঁলোকৰ এই বাতৰিত কোনো দোষ নাই। একে সময়তে ভাৰতৰ প্ৰধানমন্ত্ৰীক লৈ নেতিবাচক খবৰ প্ৰকাশ পোৱাৰ পিছত তেওঁলোকৰ পৰ্টেলক ভাৰতৰ পৰা আক্ৰমণ কৰা বুলিও সংবাদ মাধ্যমে অভিযোগ উত্থাপন কৰে। যাৰ বাবে ভাৰতৰ ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলক উক্ত সংবাদ মাধ্যমৰ পৰ্টেলত প্ৰৱেশ কৰাত বাধা দিয়া হয়। কংগ্ৰেছকে ধৰি বিৰোধীয়ে এই সন্দৰ্ভত মোডী চৰকাৰৰ স্থিতি স্পষ্ট কৰাৰ দাবী জনাইছে।

দক্ষিণ আফ্ৰিকাৰ সংবাদ মাধ্যমে দাবী কৰিছে যে ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দক্ষিণ আফ্ৰিকাত উপস্থিত হোৱাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নৰেন্দ্ৰ মোডীক সম্ভাষণ জনাবলৈ অহা দেখি মোডীয়ে বিমানখনৰ পৰা নামিব বিচৰা নাছিল। অৱশেষত যেতিয়া উপ-ৰাষ্ট্ৰপতিয়ে তেওঁক সম্ভাষণ জনাবলৈ যায়, তেতিয়াহে তেওঁ বিমানৰ পৰা নামে। দক্ষিণ আফ্ৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ মুখপাত্ৰই এই প্ৰসংগ নাকচ কৰি কয় যে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাটো আগতেই ঠিক কৰা আছিল।













