দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি হ’ল অসম বিধানসভাৰ নৱনির্মিত ভৱন (Assam Legislative Assembly New Building)। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আনুষ্ঠানিকভাৱে মুকলি কৰে অসম বিধানসভাৰ নতুন ভৱনটো। এই উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, অসমৰ ৰাজ্যপাল, বিধানসভাৰ অধ্যক্ষকে ধৰি মন্ত্রী-বিধায়কসকল।
উল্লেখযোগ্য যে ১৯৭২ চনত শ্বিলঙৰ পৰা তদানীন্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহই গুৱাহাটীলৈ ৰাজধানী স্থানান্তৰৰ পিছত আজি অৰ্থাৎ ৩০ জুলাই, ২০২৩ তাৰিখে অসম বিধানসভাই ৫০ বছৰ অতিক্ৰম কৰিলে।এই সময়ছোৱাত ৰাজধানী গুৱাহাটীৰ পৰা ৰাজ্য শাসন কৰিছে ১১গৰাকী মুখ্যমন্ত্ৰীয়ে।
তেওঁলোক হৈছে ক্ৰমে শৰৎ চন্দ্ৰ সিংহ, গোলাপ বৰবৰা, যোগেন্দ্ৰ নাথ হাজৰিকা, আনোৱাৰা টাইমূৰ, কেশৱ চন্দ্ৰ গগৈ, হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল কুমাৰ মহন্ত, ডাঃ ভূমিধৰ বৰ্মন, তৰুণ গগৈ, সৰ্বানন্দ সোনোৱাল আৰু বৰ্তমান মুখ্যমন্ত্ৰী হিচাপে আছে ডঃ হিমন্ত বিশ্ব শৰ্মা।আনহাতে, এই সময়ছোৱাত মুঠ ১৩ গৰাকী অধ্যক্ষ, ১৭ গৰাকী উপাধ্যক্ষ আৰু ১৭ গৰাকী ৰাজ্যপালে দায়িত্বভাৰ গ্ৰহণ কৰিছে।
উল্লেখযোগ্য যে দেওবাৰে লোকসভাৰ অধ্যক্ষই আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পূৰ্বে অৱশ্যে শুকুৰবাৰেই বিভিন্ন মাংগলিক অনুষ্ঠান সম্পন্ন কৰা হয়। ইয়াৰ ভিতৰত গৃহ প্ৰৱেশ পূজা, বাথৌ পূজা আদি বিভিন্ন ৰীতি-নীতি সম্পন্ন কৰা হয়।
বহু মহলীয়া এই ভৱনটোৰ নিৰ্মাণকাৰ্য সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালতে সম্পন্ন হৈছিল যদিও কিছু কাৰিকৰী বিজুতিৰ বাবে পুনৰ নিৰ্মাণৰ কাম হাতত লোৱা হয় । অৱশ্যে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত হিতেন্দ্ৰ নাথ গোস্বামী অধ্যক্ষ হৈ থকাৰ সময়ত এদিনৰ বাবে নতুন ভৱনত বিধানসভাৰ অধিবেশন অনুষ্ঠিত হৈছিল ।
সেই সময়ত ভৱনটো নিৰ্মাণৰ বাবে ২৩৪ কোটি টকা ধার্য কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত আন্তঃগাঁথনিৰ কিছু পৰিৱৰ্তন কৰিবলগা হোৱা বাবে নিৰ্মাণ ব্যয় ৩৫১ কোটি টকা হয়৷ বহু মহলীয়া ভৱনটোত আছে মুঠ ৭ খন লিফট৷ আলোকসজ্জাকে ধৰি বহু উন্নত প্রযুক্তিৰো ইয়াত ব্যৱহাৰ কৰা হৈছে৷ লগতে পোহৰ ব্যৱস্থাৰ বাবে গ্ৰহণ কৰা হৈছে অত্যাধুনিক প্ৰযুক্তিৰ।