নলবাৰী : নলবাৰী জিলাত অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক দেখা গৈছে।জিলা খনৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত পুৱাই ছাত্র সন্থাৰ সমাৰ্থক সকলে টায়াৰ জ্বলাই প্ৰতিবাদ কৰে।জিলা খনত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত খণ্ড যুদ্ধৰ সৃষ্টি হয়।পিছত আৰক্ষীযে কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰে।বাতৰি লিখা পৰলৈকে কোনো ঠাইৰ পৰা কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাতৰি পোৱা হোৱা নাই।