ASSAM TIMES POST,নিউজ ডেস্ক,নতুন দিল্লী: দেশত এতিয়াৰ পৰা প্ৰযোজ্য হব নতুন নিয়ম। যিসকল চালকে জৰুৰীকালীন সেৱা এম্বুলেঞ্চক বাট এৰি নিদিয়ে তেনে চালকৰ বিৰুদ্ধে এতিয়াৰে পৰা অধিক কঠোৰ হ’ব চৰকাৰ।
লোকসভাত এক লিখিত প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি কেন্দ্ৰীয় পথ পৰিবহণ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই সন্দৰ্ভত কয় যে চৰকাৰে মটৰ ভেহিকল বিধেয়ক ২০১৯ৰ সংশোধনী ঘটাই এনেধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পোষকতা কৰিছে।
মন্ত্ৰীগৰাকীয়ে কয় যে যিসকল চালকে অনুজ্ঞাপত্ৰ নোহোৱাকৈ গাড়ী চলায় তেওঁলোকে পাঁচ হাজাৰ টকাৰ জৰিমনা ভৰিব লাগিব। যানবাহন আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে পূৰ্বে এশ টকাৰ জৰিমনা বিহা হৈছিল যদিও এতিয়াৰে পৰা আইনখনৰ সংশোধন ঘটাই সেই ধনৰ পৰিমাণ ৫০০ টকা কৰা হৈছে।
লগতে হেলমেট পৰিধান নকৰাকৈ বাহন চলোৱা লোকসকলে এতিয়াৰে পৰা এক হাজাৰ টকা আৰু যিসকল ১৮ বছৰৰ তলৰ ল’ৰা-ছোৱালীয়ে গাড়ী চলায় তেনে ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত পিতৃক ২৫ হাজাৰ টকাৰ জৰিমনা বিহাৰ লগতে তিনি বছৰৰ কাৰাদণ্ডও বিহা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।
অপ্ৰাপ্তবয়স্ক লোকে চলোৱা গাড়ীৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব। মদ খাই গাড়ী চলালে দহ হাজাৰ টকাৰ জৰিমনা বিহা হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লোকসভাত দিয়া লিখিত প্ৰশ্নৰ উত্তৰত এনেদৰে উল্লেখ কৰে।