শীঘ্ৰে মুক্তি পাব ৰশ্মিকাৰ (Rashmika Mandanna) বহু প্ৰত্যাশিত ছবি ‘পুষ্পা ২’ (Pushpa-2)। সেয়ে অতি ব্যস্ত অভিনেত্ৰীগৰাকী। তাৰ মাজতে আকৌ সমস্যা। প্ৰায় ৮০ লাখ টকা লোকচান (Loss of Rs 80 lakh) হ’ল অভিনেত্ৰীগৰাকীৰ। সূত্ৰ অনুসৰি, এই বৃহৎ পৰিমাণৰ ধন চুৰিৰ আঁৰত অভিনেত্ৰীগৰাকীৰ দীৰ্ঘদিনীয়া মেনেজাৰৰ হাত আছে। এই ঘটনা সংঘটিত হোৱাৰ লগে লগে ৰশ্মিকাই মেনেজাৰজনক চাকৰিৰ পৰা বহিষ্কাৰ কৰে।
অৱশ্যে ৰশ্মিকাই এই বৃহৎ পৰিমাণৰ ধন চুৰিৰ সন্দৰ্ভত আৰক্ষীৰ ওচৰত কোনো অভিযোগ কৰা নাই। অভিনেত্ৰীগৰাকীৰ ঘনিষ্ঠ সূত্ৰৰ মতে, ৰশ্মিকাই ইয়াৰ বিষয়ে কোনো অহেতুক খবৰ নিবিচাৰে। তাৰ বাবেই নায়িকাগৰাকীয়ে নিজৰ মেনেজাৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰে।
আনহাতে, বৰ্তমান ৰশ্মিকাই নিজৰ কেৰিয়াৰত ইটোৰ পিছত সিটোকৈ সফলতাৰ জখলা বগাই আছে। দক্ষিণৰ ছবিত তেওঁৰ জনপ্ৰিয়তা আৰম্ভণিৰে পৰাই আছিল। এইবাৰ তেওঁ মায়ানগৰীত ভৰিৰ তলৰ মাটি মজবুত কৰিছে। ‘গুডবাই’ ছবিৰে বলীউডত অভিষেক ঘটায়। প্ৰথমখন ছবিত অমিতাভ বচ্চনৰ সৈতে এটা ফ্ৰেমত দেখা গৈছিল ৰশ্মিকা মাণ্ডনাক। বক্স অফিচত সফল নহʼলেও ৰশ্মিকাৰ এই কামে সমাদৰ লাভ কৰিছে।