সৰ্বভাৰতীয় কুস্তি ফেডাৰেচনৰ (All India Wrestling Federation) সভাপতি ব্ৰিজ ভূষণ চৰণ সিঙৰ (President Brij Bhushan Charan Singh) বিৰুদ্ধে দুবছৰ পূর্বে (Two years ago) প্রধানমন্ত্রী নৰেন্দ্র মোডীক অভিযোগ (Allegations of Prime Minister Narendra Modi) উত্থাপন কৰিছিল৷ এই অভিযোগ এগৰাকী মহিলা মল্লযুঁজাৰুৰ। আন্দোলনকাৰী মল্লযুঁজাৰুসকলে ব্ৰিজ ভূষণৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰত এনে অভিযোগ উত্থাপন কৰিছে৷
এফআইআৰত দাখিল কৰা এজাহাৰ অনুসৰি, ২০২১ চনত এগৰাকী মহিলা মল্লযুঁজাৰুৱে প্ৰধানমন্ত্ৰীৰ ওচৰত ব্ৰিজ ভূষণৰ বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ দিছিল। সেই সময়ত প্ৰধানমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণৰ আশ্বাসো দিছিল। ২৮ এপ্ৰিলত ব্ৰিজ ভূষণৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰত অভিযোগ উত্থাপন হৈছে যে দুবছৰ পূৰ্বে খেলুৱৈসকলৰ বাবে অভ্যর্থনা অনুষ্ঠানত এগৰাকী মহিলাই প্রধানমন্ত্রীক মল্লযুঁজৰ বিষয়ে অৱগত কৰিছিল৷ এফআইআৰত মল্লযুঁজাৰুগৰাকীয়ে লিখিছে, “মই প্ৰধানমন্ত্ৰীক জনাইছিলো যে মোক আৰু আন মহিলা মল্লযুঁজাৰুসকলক বাৰে বাৰে শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন কৰা হৈছিল। ব্ৰিজ ভূষণ আৰু তেওঁৰ সহযোগীসকলে আমাক বাৰে বাৰে বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে মোক আশ্বাস দিছিল যে ক্ৰীড়া মন্ত্ৰালয়ে বিষয়টো শীঘ্ৰে চোৱাচিতা কৰিব। লগতে ক্ৰীড়া মন্ত্ৰালয়ৰ পৰা শীঘ্ৰে মোৰ লগত ফোনযোগে যোগাযোগ কৰা হ’ব বুলিও তেওঁ জনায়।”
উল্লেখযোগ্য যে মল্লযুঁজাৰুসকলে ব্ৰিজ ভূষণৰ বিৰুদ্ধে দিল্লী আৰক্ষীত দুখনকৈ এফআইআৰ দাখিল কৰে। ইয়াত ছয়গৰাকী মল্লযুঁজাৰুৰ স্বাক্ষৰ আছে। এগৰাকী নাবালিকা মল্লযুঁজাৰুৰ পিতৃৰো স্বাক্ষৰ আছে। মহিলা মল্লযুঁজাৰুসকলে ব্ৰিজ ভূষণৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে তেওঁ নানা ধৰণৰ অজুহাতত আৰু আশ্বাস দি তেওঁলোকৰ শৰীৰত স্পৰ্শ কৰিছিল। বিজেপি সাংসদগৰাকীয়ে ২০১২ চনৰ পৰা সৰ্বভাৰতীয় কুস্তি ফেডাৰেচনৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। মল্লযুঁজাৰুসকলৰ অভিযোগ যে এনে ঘটনা কেৱল দেশতে নহয় বিদেশতো সংঘটিত হৈছে। কিন্তু ব্ৰিজ ভূষনে আৰম্ভণিৰে পৰাই তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ কয়, “মোৰ বিৰুদ্ধে অভিযোগ এটাও প্ৰমাণিত হ’লে মই মোৰ ডিঙিত চিপ লগাম। যদি মল্লযুঁজাৰুসকলৰ হাতত কিবা প্ৰমাণ আছে তেন্তে আদালতত জমা দিয়ক। যদি অভিযোগ প্ৰমাণিত হয় তেন্তে মই যিকোনো শাস্তি মানি লʼম।”
আনহাতে, প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ সমৰ্থনত দেশৰ খেলুৱৈসকলে থিয় দিবলৈ আৰম্ভ কৰিছে।
১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী ক্ৰিকেট দলৰ সদস্যসকলেও সমৰ্থনৰ বাৰ্তা আগবঢ়াইছে। অৱশ্যে বিচিচিআইৰ সভাপতি ৰ’জাৰ বিন্নীয়ে বিশ্ব বিজয়ী সতীৰ্থৰ পৰা দূৰত্ব বজাই ৰাখি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে।