বিপদৰ কোনো সীমা নাথাকে। নাথাকে শোকৰ কোনো পৰিধি। যাৰ বাবে এতিয়া বালাশ্বৰ ৰে’ল দুৰ্ঘটনাৰ শোকৰ ছাঁ পৰিছে বিশ্বজুৰি। এখন দেশৰ লগত আন এখন দেশৰ সংঘাত যিমানেই তীব্ৰ নহওক কিয়, সাধাৰণ মানুহৰ কৰুণ মৃত্যুৱে নেতাসকলৰ হৃদয় জাগ্ৰত কৰি তোলে।
শুকুৰবাৰে সন্ধিয়া বালাশ্বৰত (Balaswar) একেলগে তিনিখন ৰেʼলৰ সংঘৰ্ষ (Collision of three trains)ত এতিয়ালৈকে ২৮৮ জন লোকে প্ৰাণ হেৰুৱাইছে (288 people have lost their lives)। আহত হাজাৰৰো অধিক লোক। এই ৰেʼল দুৰ্ঘটনাৰ খবৰত মৰ্মাহত হৈ পৰিছে বিশ্বৰ কেইবাখনো দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি। টুইট কৰি দুখ প্ৰকাশ কৰিছে এই বিশ্বনেতাসকলে (World leader expresses grief)।
পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে বালাশ্বৰ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। লগতে তেওঁ আহতসকলৰ আশু আৰোগ্যও কামনা কৰে।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনেও শোক প্ৰকাশ কৰে। তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ সমবেদনা জ্ঞাপন কৰে।
আনহাতে, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো, নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল, অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী পেনি ইয়ং, শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী আলী ছাব্ৰি আৰু টাইৱানৰ ৰাষ্ট্ৰপতি ছাই-ইং ৱেনে শোক প্ৰকাশ কৰে। চীন, জাপান আৰু তুৰ্কিয়েও মৃতকৰ পৰিয়ালৰ প্ৰতি শোক প্ৰকাশ কৰে।