লুইত কোঁৱৰৰ পত্নী তথা “সন্ধ্যাৰাগ”, “অগ্নিস্নান” কে আদি কৰি “সোণাৰ বৰণ পাখি” ইত্যাদি ছবিত কৰা অভিনয়েৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰী তথা সংস্কৃতিৰ সাধক আৰতি বৰুৱাৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে অসমবাসী।
বিগত ১৮ এপ্ৰিল তাৰিখে ষ্ট্ৰ’কত আক্ৰান্ত হোৱাৰ পিছৰে পৰা জিএনআৰচিত চিকিৎসাধীন হৈ আছিল তেখেত। ৪৩ দিন চিকিৎসাধীন হৈ থকাৰ পিছত তেওঁ চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে ।
বিগত প্ৰায় ৫ টা দশক অসমীয়া চিনেমাৰ লগতে বহুকেইখন নাটকতো অভিনয় কৰা আৰতি বৰুৱাই মৃত্যুৰ সময়ত তিনিগৰাকী পুত্ৰ, বোৱাৰী সহ ৬ গৰাকী নাতি-নাতিনী সহ অসংখ্য গুণমুগ্ধক এৰি যোৱা যায়।