ইয়াৰ বাবেই শিশুটিৰ মৃত্যু হয়। পুত্ৰৰ মৃত্যুৰ পিছতে পুত্ৰৰ মৃতদেহটো কাটিলে মহিলাগৰাকীয়ে। তাৰ পাছত চৌকাত গৰম পানীত পুত্ৰৰ মূৰটো সিজাই খায়। বাকী মৃতদেহটো ঘৰতে এটা টোপোলাত ৰাখিছিল। আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে মহিলাগৰাকীয়ে নিজৰ পুত্ৰৰ মৃতদেহ জ্বলাই প্ৰমাণ নষ্ট কৰিবলৈ চেষ্টা কৰিছিল।
কিন্তু মহিলাগৰাকীৰ পৰিকল্পনা বিফল হʼল। এজন আত্মীয়ই ঘৰত এটা টোপোলাত পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰে। ইয়াৰ পিছত এই ঘটনা ফাদিল হয়। ইজিপ্তৰ আবু শ্বালাবি (Abu Shalabi) অঞ্চলত সংঘটিত হৈছে এই ঘটনা। তদন্তত আৰক্ষীয়ে গম পায় যে মহিলাগৰাকীয়ে নিজৰ পুত্ৰক পূৰ্বৰ স্বামী আৰু পৰিয়ালৰ পৰা আঁতৰাই ৰাখিবলৈ হত্যা কৰিছিল।
৪ বছৰ আগতে স্বামীৰ পৰা বিচ্ছেদ ঘটিছিল। তদন্তকাৰীয়ে লগতে কয় যে হাছান মানসিকভাৱে সুস্থ। জেৰাৰ সময়ত মহিলাগৰাকীয়ে পুত্ৰৰ মূৰটো ৰান্ধি খাইছিল বুলি আৰক্ষীক জনায়। যাতে তেওঁৰ পুত্ৰ তেওঁৰ লগত থাকে তাৰ বাবে এই কাম কৰিছিল বুলি তেওঁ কয়। মহিলাগৰাকীৰ স্বীকাৰোক্তি শুনি তদন্তকাৰী স্তম্ভিত হৈ পৰে।