কাব্যঋষি নীলমণি ফুকনৰ “টোপনিতো তেওঁ মোক খেদি ফুৰিছিল” শীৰ্ষক কবিতাটোক সুৰ-সংগীতেৰে সুন্দৰকৈ সজাই ৰাইজৰ বাবে মুকলি কৰি দিছে কণ্ঠশিল্পী জয় বৰুৱাই। জয় বৰুৱাৰ কণ্ঠ আৰু তেওঁৰ গীতসমূহ ব্যতিক্ৰম হোৱাৰ সমান্তৰালকৈ ই জনসাধাৰণক নতুনত্ব প্ৰদান কৰে। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গীতটোতো সেই একেই মনোভাৱ দেখিবলৈ পোৱা গ’ল।
গীতটিত কণ্ঠদান কৰাৰ লগতে সংৰচনা, সংগীত প্ৰযোজনাৰ দায়িত্বত আছে তেওঁ। আনহাতে, অতিথি কণ্ঠ হিচাবে কণ্ঠ নিগৰাইছে শংকুৰাজ কোঁৱৰে লগতে গীতটিত পিয়ানো বজাইছে তেখেতে। গীটাৰ মনস্কাম মহন্তৰ আৰু মিশ্ৰণ-মাষ্টাৰ ইবচন লাল বৰুৱাৰ। অনুবাদ কৰিছে প্ৰিয়ংকু শৰ্মাই। এটি কবিতাক গীত আকাৰে প্ৰস্তুত কৰি ৰাইজৰ মাজলৈ উলিয়াই অনা বিভিন্ন প্ৰয়াস আমি দেখিছোঁ আৰু এই প্ৰয়াসে অৱশ্যে শ্ৰোতা-দৰ্শকৰ সমাদৰ লাভ নকৰাকৈ নাই। জয় বৰুৱাৰ এই প্ৰয়াসক আমি আদৰণি জনাই তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।