দিল্লীত নতুন সংসদ ভৱন (New Parliament House) উদ্বোধনৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদীক (Narendra Modi) কটাক্ষ কৰে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi)। উক্ত অনুষ্ঠানক মোদীৰ ‘ৰাজ অভিষেক’ বুলিহে দাবী ৰাহুল গান্ধীৰ।
সংসদ ভৱনৰ উদ্বোধনক লৈ দেওবাৰে বিয়লি এটি টুইট কৰে ৰাহুলে। তাত তেওঁ লিখে, ‘‘সংসদ আচলতে দেশৰ জনসাধাৰণৰ কণ্ঠস্বৰ।’’ তাৰ পিছতেই মোদীক কটাক্ষ কৰি কয়, ‘‘প্রধানমন্ত্রীয়ে সংসদ ভৱনৰ উদ্বোধনক ৰাজ অভিষেক বুলি ভাবিছে।’’
দেওবাৰে পুৱাতে সংসদ ভৱনৰ উদ্বোধন অনুষ্ঠানত উপস্থিত হয় মোদী। অনুষ্ঠানত উপস্থিত থাকে লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু কেন্দ্রীয় মন্ত্রীসকল।
থাকে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্রীসকলো। বিৰোধীয়ে অৱশ্যে এই অনুষ্ঠান বয়কট কৰে। ২০টা বিৰোধী দল অনুষ্ঠানত উপস্থিত নাছিল। বেদমন্ত্র পাঠ কৰি, পূজা আৰু যজ্ঞত অংশগ্ৰহণ কৰি নতুন সংসদ ভৱন উদ্বোধন কৰে মোদীয়ে। তেওঁ সর্বধর্ম প্রার্থনা সভাতো অংশগ্ৰহণ কৰে। তাৰ পিছত ১০১ সংখ্যক ‘মন কি বাত’ত ভাষণ দিয়ে মোদীয়ে।