এটা কিনিলে এটা বিনামূলীয়াকৈ পাব— সেয়া কাপোৰ হওক বা প্ৰসাধন সামগ্ৰী হওক, এনেকুৱা বিজ্ঞাপন সাধাৰণ। এনে বিজ্ঞাপনৰ জালত (Advertising Net) পৰি এগৰাকী মহিলাই হেৰুৱালে ৯০ হাজাৰ টকা (Woman loses Rs 90,000)। ঘটনাটো দক্ষিণ দিল্লী (South Delhi)ৰ। মহিলাগৰাকীয়ে এই সন্দৰ্ভত আৰক্ষীক অভিযোগ কৰে।
আৰক্ষীৰ তথ্য অনুসৰি, অভিযোগকাৰীৰ নাম সবিতা শৰ্মা (Sabita Sharma)। তেওঁ বেংকত শীৰ্ষ পদবীত কাম কৰে। তেওঁ আৰক্ষীক জনোৱা মতে, ফেচবুকত খাদ্যৰ বিজ্ঞাপন দেখি বন্ধু এজনে তেওঁক ফোন কৰে। বিজ্ঞাপনটোত লিখা আছিল, ‘এটা কিনিলে, এটা বিনামূলীয়াকৈ পাব’। বিজ্ঞাপনৰ কাষতে এটা ফোন নম্বৰো দিয়া হৈছিল।
সবিতাই দাবী কৰে যে বিজ্ঞাপনটোৰ তলত দিয়া নম্বৰটোত তেওঁ ফোন কৰে। কিন্তু কোনেও ফোনটো উঠোৱা নাছিল। তাৰ কিছু মুহূৰ্তৰ পিছত ফোন এটা আহে। তেওঁক ফোনটোৰ সিটো মূৰৰ পৰা অফাৰটো লʼবলৈ কোৱা হয়। সংবাদ সংস্থা পিটিআইক সবিতাই কয়, “মই সন্মতি দিয়াৰ পিছত মোক এটা লিংক পঠিয়াই দিয়া হৈছিল আৰু কোৱা হৈছিল যে অফাৰটো পাবলৈ সেই লিংকটোৰ পৰা এটা এপ ডাউনলোড কৰিব লাগিব। এপটোত প্ৰৱেশ কৰিবলৈ মোক আইডি আৰু পাছৱৰ্ড দিয়ে। কেৱল সেয়াই নহয়, মোক কোৱা হৈছিল, এই অফাৰটো পাবলৈ হʼলে প্ৰথমে এপটোত ৰেজিষ্টাৰ কৰিব লাগিব।”
তেওঁৰ অভিযোগ যে তেওঁ উক্ত লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰিছিল। ইয়াৰ পিছত আইডি আৰু পাছৱৰ্ডৰ সৈতে এপটোত প্ৰৱেশ কৰে। এপত প্ৰৱেশ কৰাৰ লগে লগে একাউণ্টৰ পৰা ৪০ হাজাৰ টকা কৰ্তন কৰা হয়। কেইছেকেণ্ডমানৰ ভিতৰতে তেওঁ আৰু এটা মেছেজ লাভ কৰে। মেছেজটোত লিখা আছিল, “আপোনাৰ একাউণ্টৰ পৰা ৫০ হাজাৰ টকা কৰ্তন কৰা হৈছে।” সবিতাই কয়, ”আৰু আচৰিত কথাটো হ’ল যে টকাখিনি প্ৰথমে মোৰ ক্ৰেডিট কাৰ্ডৰ পৰা ডেবিট কৰা হৈছিল। ইয়াৰ পিছত টকাখিনি মোৰ পেটিএম একাউণ্টত জমা হয় আৰু তাৰ পৰাই টকাখিনি উলিয়াই নিয়ে।”