লাডাখৰ লেহত (Leh) যোৱা দুদিন ধৰি ধাৰাবাহিকভাৱে বৰফ (Continuously snow) পৰি আছে। এই সময়ছোৱাত বহু পৰ্যটকে লাডাখ ভ্ৰমণ কৰিছিল। ফলত হঠাৎ দুৰ্যোগপূৰ্ণ বতৰৰ বাবে বিপদত পৰে। চাংলা টপ (Changla Top)ত হোৱা প্ৰচণ্ড তুষাৰপাত (Heavy snowfall)ৰ ফলত শ শ পৰ্যটক আৰু স্থানীয় বাসিন্দা নিজৰ বাহনত আবদ্ধ (Tourist-local residents are stuck in their own vehicles) হৈ পৰে। আবদ্ধ হৈ থকা পৰ্যটক আৰু স্থানীয় লোকৰ ভিতৰত মহিলা আৰু শিশুও আছে।
স্থানীয় প্ৰশাসনে পৰ্যটকসকল হিমস্খলনত আবদ্ধ হৈ পৰাৰ খবৰ পাই উদ্ধাৰকাৰী দল প্ৰেৰণ (Send rescue team) কৰে।
লাডাখ আৰক্ষী, সেনাৰ উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হৈ শুকুৰবাৰে সন্ধিয়াৰ পৰা উদ্ধাৰ অভিযান আৰম্ভ কৰে। লাডাখ আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, নিশাৰ ভিতৰতে এই উদ্ধাৰ অভিযান চলাইছিল। সকলো পৰ্যটক আৰু আবদ্ধ স্থানীয় বাসিন্দাক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, দুদিন ধৰি ধাৰাবাহিকভাৱে বৰফ পৰাৰ বাবে পথটো ডাঠ বৰফেৰে আৱৰি ধৰিছিল। তদুপৰি, বৰফ পৰাৰ বাবে পথটো অতি পিছল হৈ পৰিছিল। গতিকে পৰ্যটকসকলে সেই পথেৰে আগবাঢ়ি যাবলৈ সাহস কৰা নাছিল। যিকোনো পদক্ষেপ লোৱাটো বিপদজনক। চাংলা টপলৈ যোৱা পথত শ শ গাড়ী ৰখাই দিয়া হয়। খাৰু আৰু টাংছেৰ পৰা আৰক্ষীৰ উদ্ধাৰকাৰী দলে ততাতৈয়াকৈ চাংলালৈ গৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে। বিশেষকৈ মহিলা আৰু শিশু অধিক হোৱাৰ বাবে তেওঁলোকক উদ্ধাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া বুলি আৰক্ষীয়ে জনায়।
আৰক্ষীয়ে লগতে জনোৱা মতে, নিজাকৈ বাহন অনাসকলক আৰক্ষীৰ গাড়ী আৰু টেক্সিৰে নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। স্থানীয় চালকৰ সহায়ত ব্যক্তিগত বাহন নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয়। ইয়াৰ উপৰি কোনো লোক অসুস্থ হʼলে চিকিৎসাৰ দল এটাও সাজু কৰি ৰখা হৈছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।