মোগল যুগৰ পিছত এইবাৰ উৰ্দু কবি মহম্মদ ইকবাল (Pakistan’s national poet Muhammad Iqbal) নৰেন্দ্ৰ মোডী (Narendra Modi) চৰকাৰৰ কোপত। দিল্লী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলে শুকুৰবাৰে স্নাতক ৰাজনীতি বিজ্ঞানৰ পাঠ্যক্ৰমৰ পৰা ‘চাৰে জাহা চে আচ্ছা, (Saare Jahan se Accha) হিন্দুস্তান হামাৰা’ৰ স্ৰষ্টাৰ জীৱনী বাদ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।
‘মডাৰ্ন ইণ্ডিয়ান পলিটিকেল থট’ (Modern Indian Political Thought) শীৰ্ষক অধ্যায়টো দিল্লী বিশ্ববিদ্যালয়ৰ বিএৰ ষষ্ঠ ষান্মাসিকৰ অংশ আছিল। ইয়াত প্ৰয়াত কবিৰ জীৱনী আৰু সাহিত্যিকৰ ৰচনাৰ ওপৰত ‘ইকবাল : কমিউনিটি’ অধ্যায়টো সন্নিবিষ্ট কৰা হৈছিল। নিউজ এজেন্সী পিটিআয়ে প্ৰকাশ কৰা অনুসৰি, দিল্লী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলে পৰিচালনা বোৰ্ডলৈ ইয়াক অপসাৰণৰ পৰামৰ্শ দিছে। কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰিত বিশ্ববিদ্যালয়খনৰ গভৰ্নিং কাউন্সিলে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।
অৱশ্যে ইকবালৰ ওপৰত কোপিত হ’লেও ষষ্ঠ ষান্মাসিকত ৰামমোহন ৰায়, পণ্ডিত ৰামবাই, স্বামী বিবেকানন্দ, মহাত্মা গান্ধী আৰু বি আৰ আম্বেদকাৰ থাকি গʼল।
উল্লেখযোগ্য যে ইকবালৰ জন্ম হৈছিল ১৮৭৭ চনত অবিভক্ত ভাৰতৰ শিয়ালকোটত (বৰ্তমান পাকিস্তানত)। ১৯৩৮ চনত তেওঁৰ মৃত্যু হয়। দুয়োখন দেশতে তেওঁ সমাদৃত। পাকিস্তানে তেওঁক জাতীয় কবিৰ মৰ্যাদা দিছে। তেওঁৰ প্ৰাৰম্ভিক জীৱনত উৰ্দু ভাষাক কবিতাৰ ভাষা হিচাপে নিৰ্বাচিত কৰা হৈছিল যদিও পিছলৈ পাৰ্চী ভাষা তেওঁৰ লেখাৰ মাধ্যম হৈ পৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ সমসাময়িক কবি ইকবালৰ কবিতাৰ ইংৰাজী অনুবাদ পঢ়ি প্ৰশংসা কৰিছিল। পণ্ডিত ৰবি শংকৰে ভাৰতীয় সেনাৰ বাবে ‘চাৰে জাহা চে আচ্ছা’ৰ পেৰেড-ভাৰ্চনৰ সুৰ ৰচনা কৰিছিল।
উল্লেখ্য, চলিত শিক্ষাবৰ্ষৰ পৰা শিক্ষা মন্ত্ৰালয়ৰ নিয়ন্ত্ৰিত চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ইতিহাসৰ পাঠ্যক্ৰমৰ পৰা মোগল যুগ বাদ পৰিছে। নেচনেল কাউন্সিল অব এডুকেচনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিখঙৰ (এনচিইআৰটি) পাঠ্যপুথিৰ পৰাও মোগল যুগৰ ‘কৰ্তন’ কৰা হৈছে। ইতিহাসবিদৰ এটা দলে বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকৰ অভিযোগ যে কেন্দ্ৰৰ এই কাৰ্য মেৰুকৰণৰ দৃষ্টিভংগীৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।