প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Narendra Modi) চৰকাৰে অহা দেওবাৰে নতুন সংসদ ভৱনৰ উদ্বোধনী কাৰ্যসূচীলৈ তেওঁক নিমন্ত্ৰণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।কংগ্ৰেছ, তৃণমূল, বাওঁপন্থীকে ধৰি মুঠ ১৯টা বিৰোধী দলে যৌথ ঘোষণা প্ৰকাশ কৰি সংসদ ভৱন উদ্বোধন বৰ্জনৰ ঘোষণা কৰিছে।

এনে পৰিস্থিতিত বুধবাৰে ঝাৰখণ্ডৰ ৰাঁচীত (Ranchi) উচ্চ ন্যায়ালয়ৰ নতুন ভৱন উদ্বোধন কৰিবলৈ যায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু (Droupadi Murmu)। তাৎপৰ্যপূৰ্ণভাৱে কংগ্ৰেছ হৈছে ৰাজ্যৰ শাসকীয় জোঁটৰ দ্বিতীয় বৃহত্তম দল।
তাত ন্যায়িক নিৰ্দেশ সঠিকভাৱে পালন কৰা হৈছেনে নাই সেই সন্দৰ্ভত কঠোৰ সতৰ্কতা অৱলম্বন কৰিবলৈ ৰাষ্ট্ৰপতিয়ে কয়। ৰাঁচীত অনুষ্ঠিত এই কাৰ্যসূচীত ৰাষ্ট্ৰপতিয়ে কয়, “উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় ( D Y Chandrachud) আৰু কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুনৰাম মেঘৱালৰ (Arjun Ram Meghwal) লগতে বহু জ্যেষ্ঠ ন্যায়াধীশ ইয়াত উপস্থিত আছে। মই তেওঁলোকক অনুৰোধ কৰিম যাতে মানুহে বাস্তৱ অৰ্থত ন্যায় পায়।”
এই উপলক্ষে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী তথা জেএমএমৰ নেতা হেমন্ত চোৰেনো উপস্থিত থাকে। আনহাতে, দেশৰ প্ৰথম অনুসূচিত জনজাতিৰ ৰাষ্ট্ৰপতিলৈ জনজাতিৰ নেতা হেমন্তৰ অনুৰোধ- “ন্যায়পালিকাৰ উচ্চতম পৰ্যায়তো যাতে জনজাতিৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হয়!”