নাচি নাচিয়েই মাতিলে বিপত্তি। জেনেৰেটৰৰ ফেনত চুলি আবদ্ধ (Hair tied to generator fan) হৈ গুৰুতৰভাৱে আহত হয় এগৰাকী ১৫ বছৰীয়া কিশোৰী। আঘাত ইমানেই ভয়াৱহ যে তেওঁৰ মূৰত ৭০০টা চিলাই (700 stitches on the head) পৰে!
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ (Prayagraj of Uttar Pradesh) ছৈদাবাদত সংঘটিত হয় এই ঘটনা। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, গুঞ্জা (Gunja) নামৰ দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে ঘৰৰ সমীপৰ মন্দিৰ এটাৰ অনুষ্ঠানত নাচি থাকোঁতে তেওঁৰ চুলি ওচৰৰ জেনেৰেটৰৰ ফেনত সোমাই পৰে। প্ৰথমতে তেওঁ লক্ষ্য কৰা নাছিল। কেইছেকেণ্ডমানৰ ভিতৰতে গুঞ্জাৰ সকলোখিনি চুলিয়ে ফেনখনে টানি লয় আৰু তেওঁ অচেতন হৈ পৰি যায়।
তাৰ পিছত স্থানীয় লোকে উদ্ধাৰ কৰি ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায়। চিকিৎসকে জনোৱা মতে, গুঞ্জাই চেতনা ঘূৰাই পালেও তেওঁৰ শাৰীৰিক অৱস্থা এতিয়াও অতি সংকটজনক। আহত কিশোৰীগৰাকীৰ মূৰত ৭০০ টা চিলাই পৰিছে। আৰোগ্য হʼবলৈ ৫-৬ মাহ সময় লাগিব। তাৰোপৰি মূৰত সংক্ৰমণৰ আশংকা থাকিব। আনকি মূৰত নতুন চুলি গজাৰ সম্ভাৱনাও কম। কেইমাহমানৰ পিছত তেওঁৰৰ ভনীয়েকৰ বিয়া। এনে পৰিস্থিতিত গুঞ্জাৰ শাৰীৰিক অৱস্থাৰ বাবে তেওঁৰ পৰিয়ালটো মানসিকভাৱে ভাঙি পৰিছে।